মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ

অৱসৰ সুবিধাসমূহ

সকলোৰে বাবে পেঞ্চন আঁচনি

পেঞ্চন হৈছে এটি অত্যাৱশ্যকীয় প্ৰয়োজনীয় সম্পদ যিয়ে অৱসৰ গ্ৰহণৰ পিছত অৰ্থনৈতিক দিশত এটি সুস্থিৰ জীৱন নিৰ্বাহ কৰাত সহায় কৰে। দ্ৰুত অৰ্থনৈতিক বিকাশৰ লগে লগে জীৱন নিৰ্বাহৰ ধাৰাত ব্যয়ে জটিল ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ পৰা সকাহ লাভ কৰাবৰ উদ্দেশ্যে সকলোৰে বাবে পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে যাৰ জৰিয়তে তেওঁ দৈনন্দিন খৰচৰেপৰা আদি কৰি চিকিৎসা আদি সকলো সুবিধা লাভ কৰি এটি আনন্দময় জীৱন লাভ কৰি দীঘল জীৱন লাভ কৰিবলৈ সক্ষম হ’ব। ইয়াৰ অন্য কাৰণ হৈছে অৱসৰ গ্ৰহণৰ পিছত খৰচসমূহ বহন কৰিব পৰা অৱস্থাৰে জীৱন নিৰ্বাহ কৰা।

এনেধৰণৰ আৰ্থিক প্ৰয়োজনীয়তাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে অটল পেঞ্চন যোজনা, নেশ্যন্যাল পেঞ্চন চিষ্টেম আৰু নেশ্যন্যাল পেঞ্চন চিষ্টেম-লাইট ইত্যাদি।

অটল পেঞ্চন যোজনা

অটল পেঞ্চন যোজনা হৈছে এটি পেঞ্চন আঁচনি যিয়ে অসংগঠিত খণ্ডসমূহক লক্ষ্য কৰি লয়। ২০১৫ ৰ ৯ মে’ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত এই আঁচনিৰ শুভাৰম্ভ কৰে। ২০১৫ ৰ মে’ মাহলৈ দেশৰ জনসংখ্যাৰ মাথো এঘাৰ শতাংশক পেঞ্চন আঁচনিয়ে সামৰি লৈছিল।

অটল পেঞ্চন যোজনাত পেঞ্চন নিধিলৈ আগবঢ়োৱা প্ৰতিটো বৰঙণিৰ বাবদ কেন্দ্ৰীয় চৰকাৰেও সম্পূৰ্ণ বৰঙণিৰ ৫০ শতাংশ বৰঙণি আগবঢ়ায় নতুবা বছৰি ১০০০টকাকৈ পাঁচ বছৰলৈ বৰঙণিদাতাৰ একাউণ্টত জমা দিয়াৰ ব্যৱস্থা কৰে। অটল পেঞ্চন যোজনা আঁচনিত যোগদানৰ সৰ্বনিম্ন বয়স ১৮ বছৰ আৰু সৰ্বোচ্চ বয়স হৈছে ৪০ বছৰ। ইয়াৰ পৰা প্ৰস্থানৰ সময় আৰু পেঞ্চন লাভৰ আৰম্ভণি সময় হৈছে ৬০ বছৰ। সেয়েহে অটল পেঞ্চন যোজনাৰ অধীনত ইয়াত বৰঙণি আগবঢ়োৱাৰ সৰ্বনিম্ন সময় হৈছে ২০ বছৰ নতুবা তাৰ অধিক।

প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা হোৱা বেংক একাউণ্টৰ সৈতে এই আঁচনি সম্পৰ্কযুক্ত। ইয়াত বৰঙণিসমূহ স্বয়ংক্ৰিয়ভাৱে হ্ৰাস হয়। ইয়াৰ অধিক একাউণ্টেই প্ৰাৰম্ভিক পৰ্যায়ত শূণ্য বেলেন্সৰ আছিল। চৰকাৰে এই শূণ্য বেলেন্সৰ একাউণ্ট হ্ৰাস কৰিবলৈ সম্পৰ্কযুক্ত আঁচনিসমূহেৰে লক্ষ্য স্থিৰ কৰিছে।

ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে-

  • এই আঁচনিত লক্ষ্য কৰি লোৱা হৈছে বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকক উৎসাহ যোগাই জীৱিকা নিৰ্বাহ সহজসাধ্য কৰি তেওঁলোকৰ অৱসৰৰ পিছত জীৱন নিৰ্বাহৰ বাবে সঞ্চয়ৰ সুবিধা কৰি দিয়া।
  • অসাংগঠনিক খণ্ডসমূহত কাম কৰা কৰ্মীসকলৰ দীৰ্ঘায়ু লাভৰ প্ৰতিবন্ধকতাসমূহ বাচি উলিওৱা আৰু অসাংগঠনিক খণ্ডসমূহত কাৰ্য্যনিৰ্বাহ কৰি থকা কৰ্মীসকলক তেওঁলোকৰ অৱসৰৰ বাবে ধন সঞ্চয় কৰিবলৈ উৎসাহ প্ৰদান কৰা।
  • এই আঁচনিৰ প্ৰশাসনিক কাৰ্য্য পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটী (পি এফ আৰ ডি এ) ৰ দ্বাৰা পৰিচালিত হয়।

অধিক জানিবৰ বাবে: Atal Pension Yojanaত ক্লিক কৰি চাব পাৰে।

নেশ্যন্যাল পেঞ্চন চিষ্টেম বা ৰাষ্ট্ৰীয় পেঞ্চন পদ্ধতি

২০০৪ চনৰ পহিলা জানুৱাৰীৰ পৰা কাৰ্য্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে নেশ্যন্যাল পেঞ্চন চিষ্টেমৰ পৰিচিতি ঘটায়। ২০০৯ চনৰ ১ মে’ তাৰিখৰ পৰা সকলো ভাৰতীয় নাগৰিকলৈ ‘এন পি এছ’ ৰ সুবিধা উপলব্ধ কৰোৱা হয়। ‘এন পি এছ’ ক সঞ্চালন কৰা অনুষ্ঠান পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে ইয়াৰ বাবে ‘এন এছ ডি এল’ ক চেণ্ট্ৰেল ৰেকৰ্ডকিপিং এজেন্সি (চি আৰ এ) বা কেন্দ্ৰীয় লেখৰখা সংস্থা হিচাপে নিযুক্ত কৰিছে।

কৰিছে। এই চি আৰ এ সংস্থা হৈছে ভাৰতৰ এনে প্ৰথম সংস্থা যিয়ে নেশ্যন্যাল পেঞ্চন চিষ্টেমৰ অধীনত সমূহ বৰঙণিদাতাৰ লেখ ৰখা, প্ৰশাসনিক দিশৰ কাৰ্য্য আৰু উপভোক্তা সেৱা প্ৰদান কৰিব। চেণ্ট্ৰেল ৰেকৰ্ডকিপিং এজেন্সিয়ে প্ৰতিগৰাকী বৰঙণিদাতাৰ বাবে একোটিকৈ পাৰমেন্যাণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ (পি আৰ এ এন) উলিয়াব আৰু এনে প্ৰতিটো একাউণ্টৰ ডেটাবেছ পৰিচালনা কৰিব আৰু লগে লগে সমূহ লেনদেনৰ লেখ ৰাখিব।

ভাৰতত পেঞ্চন পদ্ধতিৰ বহনক্ষম আৰু সুদক্ষ পৰিচালনাৰ বাবে পেঞ্চন ফাণ্ড ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটিৰ দ্বাৰা পৰিচালিত নেশ্যন্যাল পেঞ্চন চিষ্টেম হৈছে এটি মাইলৰ খুঁটি। ইয়াৰ বহল গণ্ডিৰ লক্ষ্যসমূহ তলত দিয়া ধৰণৰ-

  • বাৰ্ধক্যৰ সময়ছোৱাত ই উপাৰ্জনৰ সুবিধা প্ৰদান কৰে।
  • দীৰ্ঘম্যাদী অৱস্থাত সঠিক মাৰ্কেট-বেচড ৰিটাৰ্ণ।
  • সকলো নাগৰিকৰ বাবে বাৰ্ধক্য বয়সৰ সুৰক্ষাৰ আৱৰণ বিস্তাৰ।

 নেশ্যন্যাল পেঞ্চন চিষ্টেমৰ একাউণ্ট খুলিবলৈ: National Pension Systemত ক্লিক কৰক।

এন পি এছ-লাইট: অসংগঠিত খণ্ডৰ বাবে পেঞ্চন

২০১০ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পেঞ্চন ফাণ্ড ৰেগুলেটৰি এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে নেশ্যন্যাল পেঞ্চন চিষ্টেম-লাইটৰ পৰিচিতি ঘটায়। এন পি এছ লাইটৰ আৰ্হি আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ উদ্দেশ্য আগত লৈ গঠন কৰা হয়। এই উদ্যোগ গ্ৰহণৰ সময়ছোৱাত ‘এন এছ ডি এম’ য়ে এন পি এছ লাইট পদ্ধতিৰ বিকাশ সাধন কৰে। এন পি এছ লাইটৰ সেৱা পদ্ধতি দলগত সেৱা প্ৰদান। এই পদ্ধতিত নিম্ন মজুৰিৰ লোকসকলে গোট হৈ তেওঁলোকৰ সংগঠনসমূহক প্ৰতিনিধিত্ব কৰে, এইসমূহক ‘এগ্ৰিগেটৰ’ বুলি কোৱা হয়। এই এগ্ৰিগেটৰে বৰঙণিদাতাৰ পঞ্জীয়ন, পেঞ্চন অৰিহণাৰ স্থানান্তৰিতকৰণ ইত্যাদি কাৰ্য্যৰ বাবে সুবিধা আগবঢ়ায়। এগ্ৰিগেটৰৰ জৰিয়তে ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ লোকৰ গোট নেশ্যন্যাল পেঞ্চন চিষ্টেমত যোগদান কৰিব পাৰে আৰু ৬০ বছৰ বয়সলৈ বৰঙণি আগবঢ়াব পাৰে।

অধিক বিস্তৃত তথ্যৰ বাবে: NPS LITEত ক্লিক কৰক।

এন পি এছ কৰপোৰেট খণ্ড আৰ্হি

‘এন পি এছ’ ৰ সংশোধিত ৰূপ হৈছে এন পি এছ কৰপোৰেট ছেক্টৰ মডেল যি বিভিন্ন সংগঠন আৰু সেইসমূহৰ কৰ্মচাৰীসকলক সুসংগঠিত ৰূপত গ্ৰহণ কৰাত সহায় কৰে। এই পথে সংগঠিত খণ্ডসমূহক অৱসৰকালীন সুবিধা উপলব্ধ কৰে। অৱশ্যে ই ভৱিষ্য নিধিৰ দৰে চৰকাৰী সংস্থাৰ অধীনত দায়িত্ব পালন নকৰে। ২০১১ চনৰ ডিচেম্বৰ মাহৰ পৰা এন পি এছ কৰপোৰেট খণ্ড অনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। তলত উল্লিখিত বৰ্তমানে থকা যিকোনো পয়েণ্ট অৱ প্ৰেজেন্স (পি অ পি) ৰ জৰিয়তে কৰপোৰেটে ‘এন পি এছ’ ত যোগদান কৰিব পাৰে:

  • কোম্পানী আইনৰ অধীনত পঞ্জীকৃত হ’লে।
  • বিভিন্ন সমবায় আইনৰ অধীনত পঞ্জীকৃত হ’লে।
  • কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ।
  • ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ।
  • পঞ্জীকৃত অংশীদাৰি পাম।
  • ৰেজিষ্টাৰ্ড লিমিটেড লায়বিলিটি পাৰ্টনাৰশ্বিপ।
  • কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা নিৰ্দেশ লাভ কৰা সংসদ বা ৰাজ্য বিধানসভাৰ আইনৰ অধীনৰ ব্যক্তি।
  • মালিকানাধীন প্ৰতিষ্ঠান।
  • ট্ৰাষ্ট/সমাজ।

বিস্তৃত তথ্যৰ বাবে: NPS Corporate
ত ক্লিক কৰক।