অৱসৰকালীন পেঞ্চন হৈছে চৰকাৰী চাকৰিয়ালসকলে চৰকাৰী বিভাগত প্ৰদান কৰা সেৱাৰ স্বীকৃতি স্বৰূপে চৰকাৰৰ পৰা পোৱা লাভালাভ।
সেৱাৰ পৰা অৱসৰ গ্ৰহণৰ পিছত তেওঁ আমৃত্যু মাহিলী পেঞ্চন লাভ কৰিবলৈ হ’লে-
সময়ত পেঞ্চন লাভ নিশ্চিত কৰিবলৈ পেঞ্চনৰ কাগজ পত্ৰ প্ৰস্তুত কৰাৰ বাবে দায়িত্বশীল কাৰ্য্যালয়ৰ মুৰব্বী বা অন্য কৰ্তৃপক্ষই চৰকাৰী সেৱক গৰাকীৰ অৱসৰ গ্ৰহণৰ দুবছৰ আগতে পেঞ্চনৰ প্ৰক্ৰিয়াৰ বিষয়টো আৰম্ভ কৰে। এই প্ৰক্ৰিয়া যিকোনো প্ৰকাৰে সঠিক সময়ত অৰ্থাৎ আঠ মাহ সময়ৰ আগতে সম্পূৰ্ণ হ’ব লাগে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ দুমাহ পিছৰ পৰা পেঞ্চনৰ প্ৰকৃত নথিপত্ৰ আৰু অন্যান্য আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি লৈ এই সমূহ বস্তু পেঞ্চন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হয়। কৰ্মচাৰীগৰাকীয়ে অৱসৰ গ্ৰহণ কৰাৰ এমাহৰ আগতে পেঞ্চন প্ৰদানৰ আদেশ লাভ কৰে। সেইদৰে চৰকাৰী সেৱকগৰাকীয়ে তেওঁ অৱসৰ লাভৰ এবছৰ আগতে পেঞ্চন লাভৰ আনুষ্ঠানিক আবেদনপত্ৰ দাখিল কৰিব লাগে।
প্ৰ-পত্ৰ ১, প্ৰ-পত্ৰ ১এ, প্ৰ-পত্ৰ ২ আৰু প্ৰ-পত্ৰ ১৯ ত সাধাৰণ অৱসৰ গ্ৰহণৰ আটাইবোৰ কথা সন্নিৱিষ্ট হৈ আছে। এগৰাকী চৰকাৰী সেৱকে এই প্ৰ-পত্ৰসমূহত তেওঁ উল্লেখ কৰিব বিচৰা আটাইখিনি বস্তু লাভ কৰিব পাৰে আৰু এয়া পূৰণ কৰি কাৰ্য্যালয়ৰ মুৰব্বীৰ হাতত প্ৰয়োজনীয় পদক্ষেপৰ বাবে দাখিল কৰিব লাগে।
পহিলা জানুৱাৰী ২০০৬ ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ শেষ মাহৰ বেতনৰ ৫০ শতাংশ হাৰত পেঞ্চন প্ৰদান নিশ্চিত কৰা হয় নতুবা যোৱা দহ মাহৰ গড় বেতনৰ অনুপাতে ৫০ শতাংশ প্ৰদানৰ ব্যৱস্থা নিশ্চিত কৰা হয়। সৰ্বনিম্ন পেঞ্চন হৈছে মাহে ৩০০০ টকা আৰু সৰ্বোচ্চ পেঞ্চনৰ পৰিমাণ হৈছে মাহে ২৭,৫০০ টকা।
এই মৌলিক পেঞ্চনৰ উপৰিও পেঞ্চনাৰগৰাকীলৈ অন্যান্য সুবিধা যেনেকৈ মৰগীয়া বানচ আৰু চিকিৎসা সুবিধা প্ৰদান কৰা হয়। সম্পূৰ্ণ পেঞ্চন লাভৰ যোগ্যতাৰ সময়সীমা ৩৩ বছৰৰ পৰিৱৰ্তে ২৫ বছৰ কৰা হৈছে। সমানুপাতিক পেঞ্চন সেইসকল কৰ্মচাৰীক প্ৰদান কৰা হয় যিসকলে সৰ্বনিম্ন ২০ সংখ্যক অথচ ৫০ সংখ্যকতকৈ কম ছমহীয়া যোগ্যতা নিৰ্ণায়ক সেৱা সম্পূৰ্ণ কৰে।
গুৰুত্তপূৰ্ণ: কৰ্মচাৰীগৰাকীয়ে দহ বছৰতকৈ কম সময় সেৱা আগবঢ়ালে পেঞ্চন প্ৰদান কৰা নহয় তেনেস্থলত পেঞ্চনৰ পৰিৱৰ্তে তেওঁ চাকৰি কৰাৰ সময়ত প্ৰদান কৰা সেৱাৰ উপহাৰ স্বৰূপে এককালীন ধন প্ৰদান কৰা হয়।
পেঞ্চন আৰু লোক অভিযোগ বিভাগ
ব্লক-এ, তৃতীয় মহলা, অসম সচিবালয় (গৃহ)
দিশপুৰ, গুৱাহাটী-৭৮১ ০০৬
দূৰভাষ: ০৩৬১-২২৩৭২২৭