পাৰশ্যন্যাল বিভাগক প্ৰধানকৈ নিয়োগ বিভাগ হিচাপে জনা যায়। ইয়াৰ দায়িত্ব বাঢ়ি অহাৰ লগে লগে ১৯৫৫ চনৰ শেষৰ ফালে এই বিভাগক দুভাগত বিভক্ত কৰা হয়- এপয়েণ্টমেণ্ট এ আৰু এপয়েণ্টমেণ্ট বি। শাসনযন্ত্ৰৰ শক্তিশালীকৰণৰ উদ্দেশ্যে তেতিয়া নতুনকৈ হোৱা ২০-পয়েণ্ট প্ৰগ্ৰেম আৰু ১৯৭৬ চনৰ মে’ মাহত মুখ্য সচিবৰ সভাত গৃহিত হোৱা নিৰ্দেশ অনুসৰি এই বিভাগ পুনৰ সংগঠিত হৈ নতুন নামেৰে নামাংকিত হয় আৰু ইয়াৰ নাম হয় ডিপাৰ্টমেণ্ট অৱ পাৰশ্যন্যাল এণ্ড এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ এণ্ড ট্ৰেইনিং।
এই নতুনকৈ গৃহিত হোৱা পাৰশ্যন্যাল এণ্ড এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ এণ্ড ট্ৰেইনিঙৰ তিনিটা শাখা গঠন হয় – (১) পাৰশ্যন্যাল, (২) এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ এণ্ড অৰগেনাইজেশ্যন এণ্ড মেথডছ আৰু (৩) ট্ৰেইনিং। পৰৱৰ্তী সময়ত ১৯৭৮ চনৰ ১১ আগষ্ট তাৰিখে জাননী নং No.ABP.133/76/Pt. 4/43 অনুসৰি পাৰশ্যন্যাল বিভাগ এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ বিভাগৰ পৰা পৃথক হয়। সম্প্ৰতি এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ এণ্ড ট্ৰেইনিং বিভাগৰ প্ৰশিক্ষণ শাখা পাৰশ্যন্যাল বিভাগৰ সৈতে সংলগ্ন হৈ আছে। ১৯৭৯ চনত এই প্ৰশিক্ষণ শাখা এডমিনিষ্ট্ৰেটিভ ৰীফৰ্মছ এণ্ড ট্ৰেইনিং বিভাগৰ এটা অংশ হিচাপে লোৱা হৈছিল।
সাম্প্ৰতিক সময়ত প্ৰশাসনিক কাৰ্য্য পৰিচালনাৰ সুবিধাৰ অৰ্থে পাৰশ্যন্যাল বিভাগক দুটা শাখাত বিভক্ত কৰা হৈছে- পাৰশ্যন্যাল (এ) আৰু পাৰশ্যন্যাল (বি) ।