মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ

আমি কি কৰো

  • পাৰশ্যন্যাল বিভাগে চৰকাৰী কাৰ্য্যালয়সমূহত বাধাহীনভাৱে কাৰ্য্য পৰিচালনাৰ দিশত গুৰুত্ত আৰোপ কৰি আহিছে যি প্ৰশাসন যন্ত্ৰ পৰিচালনাৰ বাবে অতিকৈ গুৰুত্তপূৰ্ণ। এই কাৰ্য্য ব্যৱস্থাই সেৱাৰ অৱস্থাৰ ওপৰত গুৰুত্ত প্ৰদান কৰি কৰ্মচাৰীসকলৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণ কৰি ভৱিষ্যতে ইয়াৰ পৰা সৃষ্টি হ’ব পৰা খালী ঠাই পূৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছে। এয়া অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ কেডাৰে নিয়ন্ত্ৰিত কৰা কৰ্তৃপক্ষ। পৰিচালনাকাৰী বিভাগ হিচাপে ই অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ সেৱা সম্পৰ্কীয় বিভিন্ন সাধাৰণ অৱস্থাৰ পৰ্যবেক্ষণ কৰে। চৰকাৰী নীতি-নিয়মসমূহযে সঠিকভাৱে পালন কৰা হৈছে এই সন্দৰ্ভত এই বিভাগে নিশ্চয়তা প্ৰদান কৰে।

    অসম চৰকাৰৰ পাৰশ্যন্যাল বিভাগ চৰকাৰৰ উচ্চপদষ্ট বিষয়াসকলৰ বদলিকৰণ আৰু পদত নিয়োজিতকৰণৰ সৈতে জড়িত। ইয়াৰ উপৰি পদোন্নতি, সেৱাৰ অৱস্থা, প্ৰশিক্ষণ, ক্যাৰীয়াৰ ডেভেলপমেণ্ট, কৰ্মচাৰীৰ কল্যাণ আৰু ৰাজ্যৰ উচ্চপদষ্ট বিষয়াসকলৰ অৱসৰৰ পিছত তেওঁলোকলৈ সেৱা আগবঢ়োৱা কাৰ্য্যৰ সৈতে জড়িত। এই বিভাগে লোক কেন্দ্ৰীক আধুনিক চৰকাৰ গঠনৰ ওপৰত গুৰুত্ত প্ৰদান কৰে।

    প্ৰশাসনিক দিশৰ সুবিধাৰ বাবে ইয়াক দুই ভাগত ভাগ কৰা হৈছে- পাৰশ্যন্যাল এ আৰু পাৰশ্যন্যাল বি।

    পাৰশ্যন্যাল এ

    পাৰশ্যন্যাল এ বিভাগ ধাৰণাত্মক দিশত দুভাগত ভাগ কৰিব পাৰি :-

    (১) ই নীতিসমূহৰ গঠনকাৰী হিচাপে কাৰ্য্য সম্পাদন কৰে। ই চৰকাৰী নীতিসমূহ কাৰ্য্যকৰী হোৱাটো নিশ্চিত কৰে আৰু প্ৰয়োজনীয় নজৰ ৰাখে। এই বিষয়সমূহ হৈছে গ্ৰহণ কৰা হোৱা নীতি, নিয়োগ, সেৱা কাৰ্য্য পৰিচালনা, বিষয়াবৰ্গৰ ডেপুটেশ্যন আৰু ইয়াৰ সৈতে জড়িত অন্যান্য বিষয়সমূহৰ নিশ্চয়তা। শেষত এই বিভাগে অন্যান্য বিভাগ আৰু সংস্থাসমূহৰ লাভালাভৰ বাবে এই বিভাগে নিৰ্দেশনা উলিয়ায় আৰু লগতে এই নিৰ্দেশনাসমূহ সংসাধন হোৱাৰ দিশটো পৰ্যবেক্ষণ কৰে।

    (২) পাৰশ্যন্যাল বিভাগে অসম চৰকাৰৰ আটাইবোৰ বিভাগ আৰু সংস্থাক পৰামৰ্শ প্ৰদান কৰে। কেডাৰ নিয়ন্ত্ৰিত বিভাগ হোৱাৰ কাৰণে কাৰ্য্যসমূহ সম্পাদন কৰাৰ ই পোনপটীয়া দায়িত্ব বহন কৰে।

    পাৰশ্যন্যাল বি

    পাৰশ্যন্যাল বি বিভাগে চৰকাৰৰ নীতিসমূহৰ গঠনকৰ্তা হিচাপে কাৰ্য্য সম্পাদন কৰে। ই চৰকাৰী নীতিসমূহ কাৰ্য্যকৰী হোৱাটো নিশ্চিত কৰে আৰু প্ৰয়োজনীয় পৰ্যবেক্ষণ কৰে। শেষত ই অন্যান্য বিভাগ আৰু সংস্থাৰ লাভালাভৰ বাবে নিৰ্দেশনা উলিয়ায় আৰু সেইসমূহৰ সংসাধন হোৱা দিশটো পৰ্যবেক্ষণ কৰে।