মৃত্যু তথা অৱসৰৰ গ্ৰ্যাটিউয়িটি হৈছে এগৰাকী কৰ্মচাৰীয়ে তেওঁ অৱসৰ গ্ৰহণৰ পিছত বা তেওঁৰ মৃত্যু হ’লে তেওঁলৈ বা তেওঁৰ নামত একে থূপে প্ৰদান কৰা হোৱা ধন।
কৰ্মচাৰীয়ে আগবঢ়োৱা সেৱাৰ মাহ হিচাপ কৰি তেওঁক প্ৰদান কৰিবলগীয়া ধনৰ নিৰিখ উলিওৱা হয়। গ্ৰ্যাটিউয়িটিৰ পৰিমাণ বিষয়াগৰাকীৰ মাহিলি বেতনৰ এক চতুৰ্থাংশ হয়। ছয় মহীয়া যোগ্যতা নিৰ্ধাৰণকাৰী সেৱা সম্পূৰ্ণ কৰিলে মাহিলি বেতনৰ সৰ্বোচ্চ চাৰে ষোল্ল গুণ তেওঁ লাভ কৰিবলৈ সক্ষম হয় বা এয়া লাভৰ যোগ্যতা নিৰ্ণীত হয়। মৃত্যু আৰু অৱসৰৰ গ্ৰ্যাটিউয়িটি সৰ্বোচ্চ ৩.৫০ লক্ষ টকাৰ পৰা ৭.০০ লক্ষ টকা কৰা হৈছে আৰু ২০০৯ চনৰ পহিলা এপ্ৰিলৰপৰা ‘ডেথ কাম ৰিটায়াৰ্মেণ্ট্ গ্ৰ্যাটিউয়িটি’ ৰ বৰ্ধিত সীমা কাৰ্য্যকৰী কৰা হয়।
ইয়াৰ উল্লিখিত নীতি নিয়ম অনুসৰি এগৰাকী ব্যক্তি যিয়ে দহ বছৰৰ কম সময় কাৰ্য্যনিৰ্বাহ কৰি বা সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে তেওঁ চাৰ্ভিচ্ গ্ৰ্যাটিউয়িটি লাভ কৰিব পাৰে। নিয়ম অনুসৰি এগৰাকী কৰ্মচাৰীয়ে চাৰ্ভিচ গ্ৰ্যাটিউয়িটি লাভ কৰিবলৈ সৰ্বনিম্ন পাঁচ বছৰ কাৰ্য্যনিৰ্বাহ কৰিব লাগে আনহাতে পেঞ্চন লাভ কৰিবলৈ তেওঁ সৰ্বনিম্ন দহ বছৰ কাৰ্য্যনিৰ্বাহ কৰিব লাগে।
যদি এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পাঁচ বছৰৰ ভিতৰত মৃত্যুবৰণ কৰে আৰু চাৰ্ভিচ গ্ৰ্যাটিউয়িটি লাভ কৰিবলৈ যোগ্য হৈ উঠে আৰু সেই ধন গ্ৰ্যাটিউয়িটি বা পেঞ্চনৰ ৰূপত লাভ কৰিলে সেই ধনৰ পৰিমাণ তেওঁৰ বেতনৰ বাৰ গুণ কম হয়। এনে অৱস্থাত তেওঁৰ পৰিয়ালে এই ঘাটি পূৰণ কৰাৰ জোখাৰে অৱশিষ্ট গ্ৰ্যাটিউয়িটি লাভ কৰিব পাৰে।
এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে তেওঁৰ পৰিয়ালৰ এগৰাকী বা তাতোধিক ব্যক্তিক শৃংখলাবদ্ধ ৰূপত গ্ৰ্যাটিউয়িটি লাভ কৰিবৰ বাবে মনোনয়ন প্ৰস্তুত কৰিব লাগে। তেওঁৰ পৰিয়ালৰ গ্ৰ্যাটিউয়িটিৰ বাবে মনোনীত সদস্যগৰাকী তলত উল্লেখ কৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব লাগে।
মৃত কৰ্মচাৰীগৰাকী অজান কাৰণত বিবাহ বিচ্ছেদিত ব্যক্তি হ’লে পৰিয়ালৰ অন্য সদস্যক গ্ৰ্যাটিউয়িটি প্ৰদান কৰা হয় কিন্তু ফ্যামিলি পেঞ্চন প্ৰদান কৰা নহয়। গ্ৰ্যাটিউয়িটিৰ বাবে উত্তৰাধিকাৰ প্ৰমাণপত্ৰত কোনো সদস্য মনোনীত নহ’লে কোনো সদস্যকে গ্ৰ্যাটিউয়িটি প্ৰদানৰ বাবে বিবেচনা কৰা নহয়।
গ্ৰ্যাটিউয়িটিৰ মনোনয়ন নাথাকিলে গ্ৰ্যাটিউয়িটি প্ৰদান নিৰ্দেশৰ অগ্ৰাধিকাৰ লাভ কৰে- (১) আইটেম একৰ পৰা চাৰিটা সমান অংশ। (২) যদি একৰ পৰা চাৰি অংশ লাভ কৰিবলগা ব্যক্তি জীয়াই নাথাকে তেতিয়াহ’লে পাঁচৰ পৰা এঘাৰ সমান অংশত ভাগ হয়। মনোনীত ব্যক্তি নাবালক হ’লে অভিভাৱকত্বৰ প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ কৰি নাবালক গৰাকীৰ অভিভাৱকক গ্ৰ্যাটিউয়িটিৰ ধন প্ৰদান কৰা হয়।
যদি চৰকাৰী কৰ্মচাৰীগৰাকীৰ পৰিয়ালৰ এনে কোনো জীৱিত সদস্য থাকে যি গ্ৰ্যাটিউয়িটি লাভৰ যোগ্য কিন্তু তেওঁৰ বিষয়ে কোনেও শুনা নাই বা নাজানে তেনেস্থলত তেনে ব্যক্তি নাবালক পৰ্যায়ৰ হ’লে তেওঁৰ অভিভাৱকক গ্ৰ্যাটিউয়িটিৰ অংশ প্ৰদান কৰা হয়। নাবালক সদস্যৰ ক্ষেত্ৰত আইটেম ১ ৰ ৪ অংশৰ হিচাপত প্ৰদান কৰা হয়। এনে এগৰাকী ব্যক্তিৰ বিষয়ে যদি সাত বছৰতকৈ অধিক কাল জ্ঞান লাভ কৰা নহয় তেতিয়াহ’লে তেওঁক মৃত বিবেচনা কৰা হয় আৰু তেনে ক্ষেত্ৰত আইটেম ১ ৰ পৰা ৪ ৰ অধীনত পৰিয়ালৰ সদস্যসকলক গ্ৰ্যাটিউয়িটি সমানে ভাগ কৰি দিয়া হয়।
যদি মৃত চৰকাৰী কৰ্মচাৰীগৰাকীয়ে তেওঁৰ মৃত্যুৰ আগতে মনোনয়ন সম্পন্ন কৰে তেতিয়াহ’লে কাৰ্য্যালয়ৰ মুৰব্বীয়ে চৰকাৰী কৰ্মচাৰীগৰাকীৰ মৃত্যুৰ প্ৰতিবেদনৰ ভিত্তিত মনোনীত ব্যক্তিগৰাকীলৈ গ্ৰ্যাটিউয়িটিৰ সন্দৰ্ভত আনুষ্ঠানিক দাবীৰ বাবে সংশোধিত ৰূপৰ প্ৰ-পত্ৰ নম্বৰ ৫ প্ৰেৰণ কৰে যি সংশোধিত প্ৰ-পত্ৰ নম্বৰ ৩ ত দাখিল কৰিব লাগে।
কোনো মনোনয়ন নাথাকিলে বা মনোনয়নৰ অৱস্থিতি শূণ্য হ’লে কাৰ্য্যালয়ৰ মুৰব্বীয়ে সংশোধিত ৰূপৰ ৬ নং প্ৰ-পত্ৰ পৰিয়ালটোলৈ প্ৰেৰণ কৰে যাতে ‘ডেথ কাম ৰিটায়াৰ্মেণ্ট্ গ্ৰ্যাটিউয়িটি’ ৰ অনুদানৰ বাবে পৰিয়ালটোয়ে আনুষ্ঠানিক দাবী উত্থাপন কৰিব পাৰে। এনে উত্থাপিত দাবী ৩ নং সংশোধিত প্ৰ-পত্ৰত কাৰ্য্যালয়ৰ মুৰব্বীৰ ওচৰত দাখিল কৰা হয়।