পেঞ্চন আবেদন দাখিলকৰণ
পেঞ্চনাৰগৰাকীয়ে তেওঁ কাৰ্য্যনিৰ্বাহ কৰা বিভাগৰ জৰিয়তে একাউণ্টেণ্ট জেনেৰেলৰ কাৰ্য্যালয়লৈ দুকপি চহী কৰা পেঞ্চনৰ আবেদনপত্ৰ দাখিল কৰিব লাগে লগতে তলত উল্লেখ কৰা প্ৰ-পত্ৰসমূহ পঠিয়াব লাগে-
- যুক্ত ফটো (দম্পতী)। কাৰ্য্যালয়ৰ মুৰব্বীৰ দ্বাৰা প্ৰমাণিত দুকপি পাচপোৰ্ট আকাৰৰ যুক্ত ফটোগ্ৰাফ।
- পৰিচয় চিহ্ন-ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্ৰমাণিত দুকপি।
- নমুনা স্বাক্ষৰ-ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা সদ্য প্ৰমাণিত দুটি নমুনা স্বাক্ষৰ।
- জীৱনকালৰ পেঞ্চন, গ্ৰেচ্যুটি ইত্যাদিৰ বাবে মনোনয়ন।
- বয়স আৰু বৈবাহিক অৱস্থা আদি (সম্ভৱ হ’লে বিয়াৰ তাৰিখ) পৰিয়ালৰ সবিশেষ উল্লেখ কৰিব লাগে আৰু শাৰীৰিকভাৱে অক্ষম সদস্যৰ বিৱৰণ আৰু লগতে সম্ভৱ হ’লে অসামৰিক শৈল চিকিৎসকৰ পৰা লাভ কৰা চিকিৎসাৰ প্ৰমাণপত্ৰ দিব লাগে।
- পৰিবাৰে লাভ কৰা পেঞ্চনৰ ক্ষেত্ৰত ইয়াৰ বাবে আবেদনপত্ৰৰ লগতে পতিৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে বৈধ উত্তৰাধিকাৰী প্ৰমাণপত্ৰ দাখিল কৰিব লাগে।
- Form ১৯ ত উল্লিখিত চৰকাৰী নিয়ম অনুসৰি ইয়াৰ যিকোনো প্ৰমাণপত্ৰ দাখিল কৰিলে প্ৰভিজন্যাল পেঞ্চন/প্ৰভিজন্যাল ডি চি আৰ জি/প্ৰভিজন্যাল ফেমিলি পেঞ্চন মুকলি হয়।
পেঞ্চন আবেদন অগ্ৰসৰ প্ৰক্ৰিয়া
প্ৰাৰম্ভিক আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত বিভাগে তলত উল্লেখ কৰা নিয়ম অনুসৰি পেঞ্চনৰ আবেদনপত্ৰসমূহ গাণনিক বিষয়াৰ কাৰ্য্যালয়লৈ আগবঢ়ায়।
- দাখিল কৰা হোৱা উল্লিখিত সকলোধৰণৰ প্ৰ-পত্ৰ কাৰ্য্যালয়ৰ মুৰব্বীৰ দ্বাৰা স্বাক্ষৰিত হ’ব লাগিব।
- সেৱা প্ৰদান সম্পৰ্কীয় সকলোধৰণৰ বিৱৰণ জন্মৰ তাৰিখ, নিযুক্তিৰ তাৰিখ ইত্যাদি থাকিব লাগিব।
- অৱসৰৰ তাৰিখ, ইয়াৰ নিৰ্ণয়ৰ তাৰিখ, শেষ বেতন ইত্যাদি উল্লেখযোগ্য বিষয়।
- আবেদনপত্ৰ আগবঢ়াই দিয়া কৰ্তৃপক্ষই ইয়াৰ দায়িত্ব বহন কৰে।
পৰীক্ষণ আৰু কৰ্তৃত্ব প্ৰদান
- আবেদনপত্ৰ লাভ কৰি ইয়াৰ বাবে আগবঢ়োৱা প্ৰস্তাৱ পৰীক্ষণৰ অন্তত একাউণ্টেণ্ট জেনেৰেলে আবেদনকাৰীয়ে আগবঢ়োৱা সেৱা আৰু গড় আয়ৰ ওপৰত ভিত্তি কৰি আবেদন দাখিলৰ প্ৰতিবেদন পঠিয়ায়।
- পেঞ্চন প্ৰদান আদেশত পেঞ্চন সম্বন্ধীয় লাভালাভ, সা-সুবিধা যেনে পেঞ্চন আদেশ (পেঞ্চনৰ বাবে), গ্ৰেচ্যুটি অৰ্ডাৰ আৰু কমিউনিকেশ্যন অৰ্ডাৰৰ তিনিটা কপি বা প্ৰতিলিপি থাকে। প্ৰথম প্ৰতিলিপি ট্ৰেজাৰিত, দ্বিতীয় প্ৰতিলিপি পেঞ্চনাৰৰ লগত আৰু তৃতীয় প্ৰতিলিপি সংশ্লিষ্ট বিভাগত থাকে।
পেঞ্চন আদায়ৰ আদেশ
- পেঞ্চন আদায়ৰ আদেশ বা পেঞ্চন পেমেণ্ট অৰ্ডাৰ (পি পি অ) ৰ দুখন বহী প্ৰস্তুত কৰি তোলা হয় আৰু কোষাগাৰ বিষয়ালৈ প্ৰেৰণ কৰা হয়।
- পেঞ্চন আদায়ৰ আদেশ আগবঢ়াই দিবলৈ দিয়া পত্ৰৰ তিনিটা প্ৰতিলিপি প্ৰেৰণ কৰা হয়- এয়া ক্ৰমান্বয়ে পেঞ্চনাৰ, বিভাগ আৰু কোষাগাৰলৈ যায়।
- পেঞ্চনাৰে লাভ কৰা পেঞ্চন কোষাগাৰত প্ৰদান কৰা হয়।
গ্ৰেচ্যুটি আদায়ৰ আদেশ
গ্ৰেচ্যুটি আদায়ৰ আদেশ বা গ্ৰ্যাটিউয়িটি পেমেণ্ট অৰ্ডাৰ (জি পি অ) ৰ কৰ্তৃত্বৰ তিনিটা প্ৰতিলিপি প্ৰস্তুত কৰা হয়। ইয়াৰ একোটিকৈ তলত উল্লিখিত ব্যক্তিসকলৰ হাতত থাকে-
- বিভাগীয় বিষয়া।
- কোষাগাৰ বিষয়া।
- পেঞ্চনাৰ।
পেঞ্চন মূল্যৰ পৰিৱৰ্তন
‘চি ভি পি’ ৰ কৰ্তৃত্বৰ তিনিটা প্ৰতিলিপি প্ৰস্তুত কৰি তলত উল্লেখ কৰা তিনি ঠাইলৈ পঠিওৱা হয়।
- কোষাগাৰ বিষয়া।
- পেঞ্চনাৰ।
- বিভাগীয় বিষয়া।
পেঞ্চনাৰগৰাকীয়ে চি ভি পি একে ট্ৰেজাৰিৰ পৰা লাভ কৰিব পাৰে। এই চি ভি পি দাখিলকৰণৰ বিষয়টো প্ৰথমতে অসম চৰকাৰৰ পেঞ্চন আৰু লোক অভিযোগ বিভাগত ইয়াৰ অনুমোদনৰ বাবে জনোৱা হয় আৰু ইয়াৰ পিছত ‘চি ভি পি’ৰ বাবে প্ৰয়োজনীয় কৰ্তৃত্ব একাউণ্টেণ্ট জেনেৰেলৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা হয়।
একাউণ্টেণ্ট জেনেৰেলে কৰ্তৃত্ব প্ৰদান কৰা পেঞ্চনৰ সুবিধা লাভ
‘পি পি অ’, ‘ডি চি আৰ জি’ আৰু ‘চি ভি পি’ ৰ বাবে পেঞ্চনাৰগৰাকীয়ে একাউণ্টেণ্ট জেনেৰেলৰ পৰা লাভ কৰা প্ৰতিলিপিৰ সৈতে কোষাগাৰ বিষয়াৰ ওচৰ চাপিব লাগে।
দ্ৰষ্টব্য: কোনো সংশোধনী বা পেঞ্চন বৃদ্ধিৰ ক্ষেত্ৰত পেঞ্চনাৰগৰাকীয়ে একাউণ্টেণ্ট জেনেৰেলৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগে।