মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ

অৱসৰ সুবিধাসমূহ

ছুটীৰ ধন

  • অব্যৱহৃত উপাৰ্জিত ছুটীৰ বিনিময়ত চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ তাৰিখত নগদ ধন লাভ কৰে। তেওঁলোকে লাভ কৰা এই লাভালাভক লিভ এনক্যাশ্বমেণ্ট বা ছুটীৰ ধন বুলি কোৱা হয়। ছুটীৰ বেতন হিচাপে নগদ ধন কৰ্মচাৰীগৰাকীৰ ছুটী অনুপাতে তেওঁৰ অৱসৰৰ সময়ত প্ৰদানৰ ব্যৱস্থা কৰা হয়। এই ছুটীৰ ধন একে থূপে লাম্পচাম ৰূপত অৱসৰৰ সময়ত প্ৰদান কৰা হয়।
  • প্ৰদান কৰা হোৱা নগদ ধন ছুটীৰ বেতনৰ সমান হয়। ইয়াত ‘ডি এ’ ও থাকে যি অৱসৰৰ তাৰিখৰ দিনা প্ৰদান কৰা হয়। কোনো এইছ আৰ এ আৰু এম এ প্ৰদান কৰা নহয়।
  • ছুটী মঞ্জুৰ কৰা কৰ্তৃপক্ষই কৰ্মচাৰীগৰাকীৰ অৱসৰৰ তাৰিখত এই ধন প্ৰদান কৰিবৰ বাবে অনুমতি লাভ কৰে।
  • অৱসৰ গ্ৰহণৰ সময়ৰ আগতে বা স্বেচ্ছাই অৱসৰগ্ৰহণ কৰা কৰ্মচাৰীসকলেও লিভ এনক্যাশ্বমেণ্ট লাভৰ সুবিধা লাভ কৰে কিন্তু বাধ্যতামূলক অৱসৰৰ ক্ষেত্ৰত বা তেনে কৰ্মচাৰী যাক অনুশাসন ভংগ কৰাৰ শাস্তিৰূপে কৰ্তব্যৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে তেওঁলোকে এনে সুবিধা লাভ কৰিব নোৱাৰে।
  • কৰ্তব্য পালনৰ সময়ছোৱাত মৃত্যু হোৱা চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্যয়ো ‘লিভ এনক্যাশ্বমেণ্ট’ ৰ সুবিধা লাভ কৰে।