দৰ্শন
চৰকাৰৰ সুদক্ষ, নিৰ্ভৰযোগ্য আৰু স্বচ্ছ কৰ্মশক্তিৰ সৃষ্টি, ইয়াৰ বিকাশ আৰু পৰিচালনাই হৈছে ইয়াৰ উদ্দেশ্য।
মিশ্যন বা অভিযান
পাৰশ্যন্যাল নীতিসমূহৰ গতিশীল গাঁথনিসমূহৰ গঠন আৰু সংসাধন, দক্ষতা আৰু সৃষ্টিশীলতাৰ বাবে উৎসাহ আগবঢ়াই মানৱ সম্পদৰ পৰিচালনা কৰা, চৰকাৰত সৰ্বোৎকৃষ্ট প্ৰতিভাৰ নিয়োজন, সকলো সেৱাৰ বাবে সুদক্ষ কেডাৰ পৰিচালনা, স্বচ্ছতা সংস্কৃতি গঢ়ি তুলি যুক্তি আৰু মূল্যক অগ্ৰাধিকাৰ প্ৰদান কৰা, জনতাৰ স্বাৰ্থত চৰকাৰৰ সকলো স্তৰতে দুৰ্নীতি নূন্যতমো সহ্য নকৰা, দক্ষ ৰূপত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে অসামৰিক সেৱাৰ সেৱকসকলক যোগ্য কৰি তোলা, অসামৰিক সেৱা অধিক সুচাৰু, সুদক্ষ আৰু ফলপ্ৰসূ কৰি তুলিবলৈ সমূহ অংশীদাৰৰে সৈতে অবিৰত আৰু গঠনমূলকভাৱে অংশগ্ৰহণ কৰা ইত্যাদি সমূহেই হৈছে ইয়াৰ লক্ষ্য।
উদ্দেশ্যসমূহ
- সুগঢ়ী চৰকাৰী নীতি, সেৱা নীতি আৰু প্ৰক্ৰিয়াসমূহৰ গঠন আৰু প্ৰৱৰ্তন।
- ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম অসামৰিক সেৱাৰ কেডাৰসকলৰ নিয়োগ, পদোন্নতি আৰু পৰিচালনাৰ উন্নীতকৰণ।
- অসামৰিক সেৱকসকলৰ সামৰ্থ্য গঢ়ি তোলা।
- অসামৰিক সেৱাৰ বিষয়াসকলৰ দ্ৰুত বিবাদ নিষ্পত্তি।
- বিষয়া পৰিচালনাত আই টি আবেদনৰ প্ৰসাৰ।
- প্ৰশাসনত ফলপ্ৰসূতা, স্বচ্ছতা আৰু দায়িত্ব নিশ্চিত কৰা আৰু পাৰশ্যন্যাল মেনেজমেণ্ট দিশত নতুনত্ব অনা।
- দোষী বিষয়াৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ।
কাৰ্য্যসমূহ
- অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ নিযুক্তি, পদোন্নতি, বদলি, বিভাগীয় কাৰ্য্যবাহী, অৱসৰকালীন সুবিধা প্ৰদান আৰু ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ সমূহ সেৱা প্ৰাসংগিক বিষয় আৰু চৰ্ত সমূহৰ কাৰ্য্য সম্পাদন।
- ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম অসামৰিক সেৱাৰ কেডাৰসকলৰ সময়কালীন পৰ্যবেক্ষণ আৰু লগতে কেডাৰ পৰিচালনা।
- গেজেটেড বা ৰাজপত্ৰিত পদসমূহৰ সৃষ্টি আৰু উন্নীতকৰণ আৰু ভাৰতীয় প্ৰশাসনিক সেৱা/অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বাবে প্ৰাপ্তন কেডাৰ পদ সৃষ্টি।
- তলত ১, ২, ৩ বিষয়বস্তুত উল্লিখিত বিভাগৰ প্ৰয়োজনীয় কাৰণসমূহৰ বাবে সেৱাৰ নিয়ম আৰু সাধাৰণ নীতিৰ সৈতে জড়িত বিষয়বস্তুৰ গঠন কৰি (১) যিকোনো সেৱা নীতিৰ ক্ষেত্ৰত শিথিলতা, (২) সাধাৰণ সেৱা অৱস্থাৰ দিশত শিথিলতা আৰু (৩) কোনো পদ সৃষ্টি কৰা আৰু যিকোনো ৰাজপত্ৰিত বিষয়ালৈ তেওঁ প্ৰদান কৰা সেৱাৰ বিনিময়ত অতিৰিক্ত বেতন আদায় দিয়া।