মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ কৰ্মচাৰী বিভাগ

বিদেশ ভ্ৰমণৰ বাবে এন অ’ চি আবেদন

চিহ্নাংকসূচী:

  • অসম চৰকাৰৰ সচিব পৰ্যায়ৰ তলৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ সকলো ধৰণৰ কাৰ্য্যালয় বিষয়ক আৰু ব্যক্তিগত বিদেশ ভ্ৰমণৰ প্ৰস্তাৱত বিভাগীয় মন্ত্ৰীসকলে অনুমোদন জনায়। এই প্ৰস্তাৱ মুখ্য সচিবৰ জৰিয়তে বিভাগীয় মন্ত্ৰীৰ ওচৰত উত্থাপন কৰা হয়।
  • যিসকল বিষয়াই তেওঁলোকৰ বাৰ্ষিক সম্পত্তি ৰিটাৰ্ণ বিবৃতি দাখিল নকৰে তেওঁলোকৰ বিদেশ ভ্ৰমণৰ অনুমতি ৰদ কৰা হয়।
  • নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ মাধ্যমেৰে আবেদনপত্ৰ সমূহ নিৰ্দিষ্ট বিষয়াৰ ওচৰলৈ যায় আৰু প্ৰস্তাৱিত হোৱা ভ্ৰমণ কাৰ্য্যৰ বাবে ৩০ দিনৰ আগতে নিৰ্দিষ্ট প্ৰশাসনিক বিভাগত এই আবেদনপত্ৰ দাখিল হ’ব লাগে।
  • বিদেশ ভ্ৰমণৰ উদ্দেশ্য স্পষ্ট ৰূপত অৱগত কৰিব লাগিব।
  • ছুটীৰ প্ৰকাৰ উল্লেখ কৰাটো বাঞ্ছনীয়।
  • ব্যয়ৰ পৰিমাণে নিধি উল্লেখ কৰাটো বাঞ্ছনীয়।
  • বিদেশ ভ্ৰমণ কৰিবলৈ ওলোৱা নিৰ্ভৰশীল পৰিয়ালৰ সদস্য, পত্নী, সতি-সন্তানৰ বিৱৰণ উল্লেখ কৰাটো বাঞ্ছনীয়।
  • আগতীয়া চৰকাৰী অনুমতি অবিহনে বিদেশ ভ্ৰমণলৈ ওলালে এয়া অশোভনীয় আচৰণ বুলি বিবেচনা কৰা হ’ব আৰু ইয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

অৱলোকন

সকলো চৰকাৰী বিষয়া আৰু কৰ্মচাৰীয়ে কাৰ্য্যালয় সংক্ৰান্ত বা ব্যক্তিগত কাৰণত বিদেশ ভ্ৰমণলৈ যোৱাৰ আগতে আগতীয়া চৰকাৰী অনুমতি ল’ব লাগে। বাৰ্ষিক সম্পত্তি ৰিটাৰ্ণ বিবৃতি দাখিল নকৰা চৰকাৰী বিষয়াসকলৰ এনে ভ্ৰমণৰ অনুমতি ৰদ কৰা হয়।

যোগ্যতাৰ মাপকাঠি

বিদেশ ভ্ৰমণৰ বাবে আবেদন কৰা ব্যক্তিগৰাকীৰ তলত উল্লিখিত নথিপত্ৰ থাকিব লাগে-

  • ডি পি ষ্টেটাছ (যদি আছে)
  • সতৰ্কতা মঞ্জুৰি
  • নিৰ্ধাৰিত সময়ৰ ভিতৰত বিগত বৰ্ষৰ আই পি আৰ আৰু এম পি আৰ দাখিল
  • উৰ্দ্ধতন কৰ্তৃপক্ষৰ অনুমোদন

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনা:

প্ৰ-পত্ৰ দাখিল কৰাৰ সময়ত ভ্ৰমণৰ বাবে আবেদন কৰা ব্যক্তিগৰাকীয়ে নথিপত্ৰসমূহ প্ৰদৰ্শন কৰিব লাগিব। অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰিলে আটাইবোৰ প্ৰয়োজনীয় নথিপত্ৰ স্কেন কৰি সাজু কৰি তুলিব লাগিব।,

প্ৰয়োজন হোৱা নথিপত্ৰ:

O.M. No.AAP.290/2012/1 dated 29th January 2013, O.M. No.AAP.290/2012/3 dated 27th July 2016 অনুসৰি প্ৰস্তুত কৰা হোৱা আবেদনপত্ৰ পূৰণ কৰিব লাগিব।

কেনেকৈ আবেদন কৰিব:

নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ মাধ্যমেৰে আবেদনপত্ৰ সমূহ নিৰ্দিষ্ট বিষয়াৰ ওচৰলৈ যায় আৰু প্ৰস্তাৱিত হোৱা ভ্ৰমণৰ ৩০ দিনৰ আগতে নিৰ্দিষ্ট প্ৰশাসনিক বিভাগত এই আবেদনপত্ৰ দাখিল হ’ব লাগে।

সকলো প্ৰাসংগিক নথি-পত্ৰ আছে নে নাই সেয়া নিশ্চিত কৰক।

সেৱাৰ প্ৰকাৰ:

অফলাইন।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ:

বিদেশ ভ্ৰমণৰ প্ৰ-পত্ৰ

যোগাযোগৰ ব্যক্তি:

শ্ৰীমতী ইন্দিৰা গগৈ, এ চি এছ
জয়েণ্ট চেক্ৰেটাৰী, পাৰছ্ন্যাল (এ) ডিপাৰ্টমেণ্ট
তৃতীয় মহলা, ব্লক-এ
অসম সচিবালয়
দিশপুৰ, গুৱাহাটী-৬
যোগাযোগৰ নম্বৰ: ৯৪৩৫১০৫০৫৯
ই-মেইল: igogoi.acs@assam.gov.in