(১) অসম চৰকাৰৰ সকলো বিষয়াই দুটা পৃথক ফৰম্যাটত তেওঁলোকৰ এনুয়্যাল প্ৰ’পাৰ্টি ৰিটাৰ্ণ নিয়োগ কৰ্তৃপক্ষৰ ওচৰত ৩১ জানুৱাৰীৰ ভিতৰত দাখিল কৰিব লাগে। এই দুই ফৰম্যাট হৈছে- ইমমোভেবল প্ৰ’পাৰ্টি ৰিটাৰ্ণছ (আই পি আৰ) আৰু মোভেবল প্ৰ’পাৰ্টি ৰিটাৰ্ণছ (এম পি আৰ) ।
(২) অসম চৰকাৰৰ সেই সমূহ বিষয়া যিসকলে তেওঁলোকৰ প্ৰ’পাৰ্টি ৰিটাৰ্ণ আই পি আৰ আৰু এম পি আৰ দাখিল নকৰে তেওঁলোকৰ ভিজিলেন্স ক্লেয়াৰেন্স ৰদ কৰা হয় আৰু তেওঁলোকক পদোন্নতিৰ বাবে বিবেচনা কৰা নহয়। তেওঁলোকক উচ্চ পদৰ বাবে পদোন্নতি দিয়া নহয়, বিদেশ ভ্ৰমণৰ বাবে অনুমতি প্ৰদান কৰা নহয় আৰু বেংকৰ লোন প্ৰদান সুবিধা আৰু পাচপোৰ্টৰ বাবে অনাপত্তি প্ৰমাণপত্ৰৰ সুবিধা স্থগিত ৰখা হয়।
(৩) এ পি আৰ বিবৃতি দাখিল নকৰিলে এয়া অখণ্ডতাৰ পৰিপন্থী হয় আৰু এয়া অসম চিভিল চাৰ্ভিচ (কণ্ডাক্ট) ৰুলছ, ১৯৬৫ ৰ উলংঘন হয় বাবে এনে কাৰ্য্যত জড়িত বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়।
(৪) প্ৰথম শ্ৰেণীৰ বিষয়াই দাখিল কৰা ইমমোভেবল প্ৰ’পাৰ্টি ৰিটাৰ্ণছ (আই পি আৰ) নিৰ্দিষ্ট প্ৰশাসনিক বিভাগৰ পাব্লিক ডমেইন/অফিচিয়েল ৱেবচাইটত ৰখাৰ ব্যৱস্থা কৰা হয়।
তলত উল্লেখ কৰা শিৰোনামসমূহৰ পৰা ‘আই পি আৰ’ আৰু ‘এম পি আৰ’ ৰ প্ৰ-পত্ৰ ডাউনলোড কৰি ল’ব পাৰি।
Title | Size | Detail |
---|---|---|
Performa for filling Immovable Property Returns. | 429.11 KB | ![]() |
Porforma for filing Movable Property Returns (MPR) | 614.32 KB | ![]() |
Appendum to IPR Performa. | 321.49 KB | ![]() |